দেশত MGNREGA ৰ নামত বিজেপি দলে দূৰ্নীতি কৰিছে।

দেশত MGNREGA ৰ নামত বিজেপি দলে দূৰ্ণীতি কৰিছে।

MGNREGA-ৰ অধীনত ১০০ দিনৰ কৰ্ম গেৰাণ্টি থকাৰ বিপৰীতে MGNREGA-ৰ নাম সলনি কৰি VB-G RAM G নামাকৰণ কৰিছে।

কংগ্ৰেছ চৰকাৰৰ দিনত কাৰ্য্যকৰী কৰা MGNREGA আঁচনিত বিজেপি চৰকাৰে শেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে।

ইয়াৰ ফলত গ্ৰামাঞ্চলত দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা পৰিয়াল সমূহ যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।

তামুলপুৰৰ ৰাজীৱ ভৱনত আজি তামুলপুৰ জিলা কংগ্ৰেছ কমিটিৰ সভাপতি সুৰজিত বসুমতাৰীয়ে এখন সংবাদমেল সম্বোধন কৰি এই অভিযোগ উত্থাপন কৰাৰ লগতে ১০০ দিনৰ কৰ্ম গেৰাণ্টীৰ সৈতে পুনৰ MGNREGA আঁচনিখন প্ৰবৰ্তনৰ কৰিবলৈ চৰকাৰক দাবী উত্থাপন কৰিছে।