গোৰেশ্বৰৰ মহৰিপাৰাত অনুষ্ঠিত শ্বহীদ সাংবাদিক দীপক স্বর্গীয়াৰীৰ সোঁৱৰণী তৃতীয় বাৰ্ষিক ক্রিকেট খেল প্রতিযোগিতাৰ সামৰণি

োৰেশ্বৰ-১০জানুৱাৰীঃ

গোৰেশ্বৰৰ মহৰিপাৰাত অনুষ্ঠিত শ্বহীদ সাংবাদিক দীপক স্বর্গীয়াৰীৰ সোঁৱৰণী তৃতীয় বাৰ্ষিক ক্রিকেট খেল প্রতিযোগিতা শুক্ৰবাৰে সামৰণি পৰে ৷৭ জানুৱাৰীপৰা ৯ জানুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত প্ৰতিযোগিতাত নাওকাটা XI পৰাস্ত কৰি গোৰেশ্বৰ প্ৰেছ গীল্ড বিজয়ী হয় ।গোৰেশ্বৰ প্ৰেছ গীল্ডৰ উদ্যোগত তিনিদিনীয়াকৈ মহৰিপাৰা খেলপথাৰত অনুষ্ঠিত ক্ৰিকেট খেল প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা অধিবক্তা মানস শৰণীয়া, আছু নেতা নয়ন কলিতা, যুৱ ছাত্ৰ পৰিষদৰ নেতা গগন বেজবৰুৱা, সমাজকৰ্মী সমৰজ্যোতি কলিতা, লাট মণ্ডল অসম বসুমতাৰী আৰু সমাজকৰ্মী দুদিত বড়োকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।আৰু উক্ত অনুষ্ঠানতে গোৰেশ্বৰ প্ৰেছ গীল্ডৰ বাৰ্ষিক কেলেণ্ডাৰ মুকলি কৰে ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা অধিবক্তা মানস শৰণীয়াই