তামুলপুৰ, ১২ জানুৱাৰী, ২০২৬ :
তামুলপুৰ জিলাৰ অন্তৰ্গত ডাৰাংগা শ্বৰ্ট ফায়াৰিং ৰেঞ্জত, অৰ্থাৎ মেনকা চাহ বাগান এলেকাত অহা ১৬ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ ভাৰতীয় সেনাৰ ২৭১ ফিল্ড ৱৰ্কশ্বপ কোম্পানী, ইএমইয়ে সৰু অস্ত্ৰৰ ফায়াৰিং তথা ৰেঞ্জ ক্লাছিফিকেছন কাৰ্যসূচী ৰূপায়ণ কৰিব। উক্ত সময়ছোৱাত ফায়াৰিং ৰেঞ্জ আৰু তাৰ কাষৰীয়া এলেকাত সাধাৰণ নাগৰিকৰ প্ৰৱেশ সেনাবাহিনীয়ে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। সুৰক্ষাৰ স্বাৰ্থত ৰাইজক উক্ত সময়ছোৱাত ফায়াৰিং ৰেঞ্জৰ দিশে নাযাবলৈ আৰু এলেকাটো পৰিহাৰ কৰিবলৈ অনুৰোধ জনোৱা হৈছে। কোনোধৰণৰ অপ্ৰত্যাশিত ঘটনা এৰাই চলাৰ বাবে ৰাইজৰ সহযোগিতা একান্ত প্ৰয়োজন। জনসাধাৰণক এই জাননী গুৰুত্বসহকাৰে ল’বলৈ অনুৰোধ জনোৱা হৈছে। এক প্ৰেছ বিজ্ঞপ্তিযোগে মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই সংবাদ মাধ্যমক এই খবৰ জনাইছে।






