তামুলপুৰ জিলা প্ৰতিষ্ঠা দিৱস পালন

তামুলপুৰ, ২৩ জানুৱাৰী, ২০২৬ :

তামুলপুৰ জিলাখন যোৱা ২০২২ চনৰ ২৩ জানুৱাৰীৰ দিনা প্ৰতিষ্ঠা হৈছিল। তদুপলক্ষ্যে আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নৱনিযুক্ত  জিলা আয়ুক্ত চিমি কৰণৰ অধ্যক্ষতাত এখন সভা অনুষ্ঠিত হয়। তেওঁ জিলাখনলৈ আহিয়েই ইয়াৰ ৰাইজৰ পৰা পোৱা মৰম-শ্ৰদ্ধাৰ কথা উল্লেখ কৰাৰ লগতে সকলোকে প্ৰতিষ্ঠা দিৱসৰ শুভেচ্ছা জনায়। সাহিত্যকৰ্মী ব্ৰজেন্দ্ৰনাথ ডেকা আৰু জিলা বড়ো সাহিত্য সভাৰ সভাপতি খনিন্দ্ৰ নাৰ্জিয়ে নিৰ্দিষ্ট বক্তাৰ আসনৰ পৰা “তামুলপুৰ” নামৰ ইতিবৃত্ত, সামাজিক পৰিৱেশ, সাহিত্য-সংস্কৃতিৰ পৰিৱেশ, প্ৰশাসনিক দিশ, ব্যৱসায়-বাণিজ্য, শিক্ষা, যাতায়াত আদি সম্পৰ্কে বিতং ব্যাখ্যা আগবঢ়ায়। আজিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে জিলাখনৰ চৰকাৰী কাৰ্যালয় আদিত চাফাই অভিযান আৰু বৃক্ষৰোপণ কাৰ্যসূচীৰো আয়োজন কৰা হয়। আজিৰ সভাখনত জিলা আয়ুক্ত চিমি কৰণৰ উপৰি জ্যেষ্ঠ আৰক্ষী অধীক্ষক টাবুৰাম পেগু, জিলা প্ৰশাসনৰ বিষয়াবৰ্গ, বড়ো সাহিত্য সভাৰ বিষয়ববীয়া আৰু বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে বুলি জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।