তামুলপুৰত চাহ শ্ৰমিকক “এটি কলি দুটি পাত” আঁচনিৰ চেক্ বিতৰণ*

তামুলপুৰ, ২৫ জানুৱাৰী* : অসম চৰকাৰৰ এখন ধ্বজাবাহী আঁচনি “মুখ্যমন্ত্ৰীৰ এটি কলি দুটি পাত”ৰ অধীনত ৰাজ্য চৰকাৰৰ আন প্ৰান্তৰ দৰে তামুলপুৰ জিলাৰ মেনকা আৰু নাগ্ৰীজুলি চাহ বাগানৰ শ্ৰমিক-কৰ্মচাৰীসকলৰ মাজতো অসমৰ ২০০ বছৰীয়া চাহ উদ্যোগলৈ আগবঢ়োৱা তেওঁলোকৰ অনন্য অৱদানৰ স্বীকৃতিস্বৰূপে আজি “এটি কলি দুটি পাত” আঁচনিৰ চেক্ বিতৰণ কৰা হয়। জিলাখনৰ নাগ্ৰীজুলিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা তামুলপুৰৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু মেনকা চাহ বাগিচাত বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰী আৰু স্থানীয় বিধায়ক জলেন দৈমাৰী উপস্থিত থাকে‌। সভাৰ আৰম্ভণিতে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “মন কী বাত” অনুষ্ঠানটি ৰাইজে উপভোগ কৰাৰ উপৰি তিনিচুকীয়াত অনুষ্ঠিত আঁচনিখনৰ কেন্দ্ৰীয় অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠান সকলোৱে ভাৰ্ছুৱেলী দৰ্শন কৰে। নাগ্ৰীজুলিৰ অনুষ্ঠানৰ আদৰণী ভাষণত জিলা আয়ুক্ত চিমি কৰণে সকলোকে অভিনন্দন জনায়। তাৰ পাছত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নিজৰ ভাষণত বাগানৰ মাটিৰ অধিকাৰ, সুলভ মূল্যৰ সামগ্ৰী, ২,০০০ নতুন “অৰুণোদয়” হিতাধিকাৰীৰ অন্তৰ্ভুক্তি, ডিগ্ৰী কলেজৰ বাবে ৫০ বিঘা ভূমি আদিৰ প্ৰসংগ উল্লেখ কৰে। জিলা প্ৰশাসনে আয়োজন কৰা আজিৰ এই অনুষ্ঠানত জিলাখনৰ নাগ্ৰীজুলি চাহ বাগিচাৰ ১,০৫৩গৰাকী চাহ শ্ৰমিকৰ বিপৰীতে মেনকা চাহ বাগিচাৰ ৭৮২গৰাকী চাহ শ্ৰমিকক ৫,০০০ টকাকৈ এককালীন বিত্তীয় সাহায্যৰ চেক বিতৰণ কৰা হয়। মুঠ ১,৮৩৫গৰাকী চাহ শ্ৰমিকক বিত্তীয় সাহায্যৰ চেক বিতৰণ কৰা আজিৰ এই অনুষ্ঠানত নাগ্ৰীজুলিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থকাৰ উপৰি বিটিচিৰ পাৰিষদ লক্ষী দাস, তামুলপুৰ জিলাৰ আয়ুক্ত চিমি কৰণ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক তাবুৰাম পেগু আদি উপস্থিত থাকে। আনহাতে  মেনকা চাহ বাগিচাত বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰী, তামুলপুৰৰ বিধায়ক জলেন দৈমাৰীসহ কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।