গোৰেশ্বৰ আৰক্ষী থানা ভৱনৰ শিলান্যাস অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ

আজি 88 নং গোৰেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত, অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ  শ্ৰীযুত বিশ্বজিৎ দৈমাৰীয়ে গোৰেশ্বৰ আৰক্ষী থানাত RCC G+1 নতুন ভৱনৰ আধাৰশিলা  স্থাপন কৰে।

 মইট্ৰি আঁচনিৰ অধীনত এই প্ৰকল্পটো আমাৰ আৰক্ষীৰ আন্তঃগাঁথনি আধুনিকীকৰণ আৰু আমাৰ নাগৰিকসকলৰ বাবে এক সুৰক্ষিত পৰিৱেশ নিশ্চিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ। বহুতো নব্য ডিজিটেল সংযোজন থকাৰ লগতে গাও প্ৰধান আৰু ভিডিপি সকলোৰো কাৰ্যালয় থাকিব ।

 উক্ত অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ  এম চি এল এ শ্ৰী মহেশ্বৰ বসুমতাৰী আৰু আৰক্ষী প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।