হাতী-মানুহৰ সংঘাত ৰোধত তামুলপুৰ জিলা প্ৰশাসনৰ গুৰুত্ব

তামুলপুৰ, ২১ জানুৱাৰী, ২০২৬ : আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত নৱনিযুক্ত জিলা আয়ুক্ত চিমি কৰণৰ অধ্যক্ষতাত হাতী-মানুহৰ সংঘাত সন্দৰ্ভত এখন সভা অনুষ্ঠিত হয়, য’ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে স্থানীয় বিধায়ক জলেন দৈমাৰী। জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ এই গুৰুত্বপূৰ্ণ সমস্যাটো ৰোধৰ ক্ষেত্ৰত আমি একেলগে কি কৰিব পাৰো, সেই সন্দৰ্ভত সকলোৰে সৈতে আলোচনা কৰে‌। “হাতী কিয় আহিছে, খাদ্যৰ বাবে নে আন কিবা কাৰণ আছে, সেইবোৰ কাৰণ আমি অধ্যয়ন কৰিব লাগিব।”― বুলি কৈ বিধায়ক জলেন দৈমাৰীয়ে হাতীৰ এই সমস্যা সমাধানৰ ক্ষেত্ৰত কমেও দহ বছৰীয়া দীৰ্ঘম্যাদী পৰিকল্পনা লোৱাৰ পৰামৰ্শ আগবঢ়ায়। তেওঁ ভূটানৰ এই সীমামূৰীয়া জিলাখনৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত ভূটান প্ৰশাসনৰ লগতো আলোচনা কৰাৰ প্ৰয়োজনীয়তাৰ কথা ব্যক্ত কৰে। সভাত লেমন বায়’ফেন্সিং, ছ’লাৰ ষ্ট্ৰীট লাইট, ইলেক্ট্ৰিচিটী ফেন্সিং, হাতীৰ খাদ্যৰ উপযোগী বৃক্ষ ৰোপণ, কুনকী হাতীৰ প্ৰয়োগ, স্বেচ্ছাসেৱী দল গঠন আদি প্ৰসংগ‌ই স্থান পায়। বৰ্তমান জিলাখনৰ হাতীৰ যি ৰেড জ’ন, তাত ১৮টা হাতীয়ে বিভিন্ন দলত ভাগ হৈ বিচৰণ কৰি থকা বুলি বনবিভাগৰ বিষয়াই উল্লেখ কৰে। উল্লেখ্য যে যোৱা বৰ্ষত হাতীয়ে জিলাখনত ১৮গৰাকী লোকৰ প্ৰাণ লোৱাৰ বিপৰীতে চলিত বৰ্ষৰ প্ৰথম মাহটোতেই দুগৰাকী লোকে হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে। আজিৰ সভাখনত স্থানীয় বিধায়ক জলেন দৈমাৰী, জিলা আয়ুক্ত চিমি কৰণ আৰু অতিৰিক্ত জিলা আয়ুক্ত জোনটি ডেকাৰ উপৰি সংশ্লিষ্ট বিভিন্ন বিভাগৰ বিষয়া তথা “আৰণ্যক” আদি এন জি অ’-ৰ বিষয়ববীয়াসকল উপস্থিত আছিল বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।